OcibulOc.com WhatsApp Channel

OcibulOc.com

1 subscribers

About OcibulOc.com

This is a whatsApp Channel of Unique Things. It is a website name, here you get update regarding our Website post, Keep Supporting us

Similar Channels

Swipe to see more

Posts

OcibulOc.com
OcibulOc.com
2/20/2025, 10:27:56 AM

ফাৰ্মাচীতকৈ বহু কম দামত ঔষধ ক'ত কিনিব! জেনেৰিক ঔষধ খালে উপকৃত হয় নে! এই লেখাটো সেই সকলৰ বাবে যিসকলৰ ঘৰত মাহেকত কেইবাহাজাৰ টকাৰ ঔষধ কিনিব লগা হয় আৰু অফলাইনত ফাৰ্মাচী আদিৰ পৰা লিখিত মূল্যত ঔষধ কিনি আহিছে। মোৰ নিজৰ অভিজ্ঞতা এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যাতে মোৰ দৰে বহুতৰে লাভ হয়। আমাৰ ঘৰটো মোৰ মাৰ বাবে মই প্ৰতি মাহে কেইবা হাজাৰ টকাৰ ঔষধ কিনিব লগা হয়। আগতে প্ৰায়ে ওচৰৰ ফাৰ্মাচীৰ পৰা কিনো। ডক্টৰে লিখা মতে গোটেইবোৰ ঔষধ ফাৰ্মাচীত কিনাৰ পাছত মাত্ৰ ১০-২০ টকা কিবা এটা ৰেহাই পাওঁ। কেতিয়াবা বহু ফাৰ্মাচীয়ে সেইটোও নিদিয়ে, যিমান MRP লিখা আছে সকলো লয়। ফাৰ্মাচীয়ে ১০-২০% ৰেহাই নিজেই দিব পাৰে বুলি ক'লে কয় আমি দিব নোৱাৰো। লগতে মই নাথাকিলে ঔষধৰ বাবে বেলেগ কাৰোবাক খাটিৰ কৰি থাকিব লাগে তাৰ বাবে কেতিয়াবা দুদিন দেৰিও হয়। যোৱা এক-ডেৰ বছৰ উপৰ হ'ল মই ফাৰ্মাচীৰ পৰা ঔষধ নিকিনা হ'লো। অনলাইনত কেইবাটাও এপ আছে তাৰ যোগেদি কিনো। অনলাইনত ঔষধ কিনাৰ পাছত মোৰ প্ৰতি মাহে ২০-৫০ শতাংশ লৈকে বহু হাজাৰ টকা ৰেহাই হয়। Tata 1MG, PharmEasy, Truemeds আদি এনে অনলাইন প্লেটফৰ্ম য'ত আপুনি Amazon, Flipkart, Myntra আদিত অইন বস্তু কিনাৰ দৰে ইয়াত ঔষধ অনলাইনত কিনিব পাৰে। মই বেছিকৈ Truemeds ব্যৱহাৰ কৰো। Truemeds ত ঔষধ কিনাৰ পৰা মোৰ ঔষধৰ খৰছ প্ৰায় আধা কমি গৈছে যাৰ ফলত প্ৰতিমাহে বহু টকা ৰাহি হৈছে। Truemeds ত সকলো ঔষধত কমেও ২০% ৰেহাই থাকেও, এনে বহু জেনেৰিক ঔষধ আছে যিবোৰ ৫০-৭০% ৰেহাইত Truemeds ত পোৱা যায়। জেনেৰিক ঔষধ বুলি ক'লে বহুতে চিন্তা কৰে, জেনেৰিক ঔষধ খালে সিমান কাম কৰে নে যিমান ডক্টৰে লিখা ঔষধ খালে কৰে! বহু মাহ জেনেৰিক ঔষধ ব্যৱহাৰ কৰা পাছত মই মোৰ কিছু অভিজ্ঞতা লিখিব বিচাৰিছোঁ। এই কথাবোৰ বুজিবলৈ আমি ঔষধৰ কিছুমানৰ কথা জানিব লাগিব যিবোৰ আমি সকলোৱে জনা প্ৰয়োজন। ঔষধ দুই ধৰণৰ থাকে, এটাক কয় ব্ৰেণ্ড ঔষধ আৰু এটাক কয় জেনেৰিক ঔষধ। সেইদৰে যিকোনো ঔষধৰ ওপৰত দুই ধৰণৰ নাম লিখা থাকে। এটাক কোৱা হয় ব্ৰেণ্ড নাম আৰু এটাক কোৱা হয় কেমিকেল নাম বা scientific নাম। উদাহৰণ স্বৰূপে বুজিবলৈ যেনেকৈ আমি গেছৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰো Pantoprazole 40 mg টেবলেট। এইটো হৈছে ইয়াৰ কেমিকেল নাম বা scientific নাম। ইয়াক কোনোবা এটা ঔষধৰ কোম্পানীয়ে বনাই নাম দিছে Pantop-40, কোনোবাই দিছে Panrux-40, কোনোবাই Pantin-40, কোনোবাই Pansped-40। এইবোৰ হৈছে ইয়াৰ ব্ৰেণ্ড নাম। তেনেকৈ কোভিদৰ সময়ত বিখ্যাত হোৱা এটা ব্ৰেণ্ড ঔষধ হৈছে Dolo-650. সাধাৰণতে জ্বৰ হ'লে ব্যৱহাৰ হয়। এইটো এটা 650 mg ৰ পেৰাচিটামল টেবলেট। Dolo-650 হৈছে ব্ৰেণ্ড নাম। Dolo-650 ত থকা কেমিকেলতো হৈছে Paracetamol 650mg. ইয়াক Paracip-650, P-650, Parasal-650 আদিৰ ব্ৰেণ্ড নামৰে বিভিন্ন কোম্পানীয়ে বনাই। মানে ব্ৰেণ্ড নাম যি কোম্পানীয়ে বনাই তেওঁলোকৰ যি মন যায় তাকে দিব পাৰে। যদু-মধু, ৰাম-সীতা যি মন ব্ৰেণ্ড নাম ৰাখিব পাৰে কিন্তু মূল কথাটো হৈছে কেমিকেল নাম বা scientific নাম। কেমিকেল নাম বা scientific নাম গোটেই বিশ্বতে একেই থাকে। ইংলেণ্ড বা আমেৰিকাত আপুনি Dolo-650 বুলি ক'লে তেওঁলোকে চিনি নাপাবও পাৰে। এইটো ব্ৰেণ্ড নাম ভাৰতত আছে। তাত আপুনি Paracetamol 650mg লাগে কওঁক তেওঁলোকে সহজে উলিয়াই দিব। সেইবাবে আমি ব্ৰেণ্ড নামতকৈ কেমিকেল নাম চিনিবলৈ শিকিব লাগে। ঔষধৰ কোম্পানীৰ ব্ৰেণ্ড নাম সদায় ডাঙৰকৈ পেকেটৰ মাজত আৰু কেমিকেল নামটো অলপ সৰুকৈ একেবাৰে ওপৰত থাকে। বহু ডক্টৰ আৰু ফাৰ্মাচীয়ে এই ব্ৰেণ্ড নামতেই ঔষধৰ ব্যৱসায়তো কৰি আছে। তেওঁলোকে ব্ৰেণ্ড নামতো বেছিকৈ লিখে তাৰ কাৰণ এতিয়া প্ৰায় সকলোৱে জনা গোপন কথাটো হ'ল ঔষধ কোম্পানীৰ পৰা লাভ কৰা কমিচন। ডক্টৰৰ ক্লিনিক বোৰত পিঠিত ডাঙৰ বেগ এটা লৈ ফৰ্মেল চাৰ্ট-পেন্ট-জোতা পিন্ধি অহা Representative বোৰক দেখা পাই চাগৈ। এওঁলোক ঔষধ কোম্পানীৰ পৰা আহে। আৰু তেওঁলোকেই ডক্টৰ এজনক কিছুমান চৰ্তত তেওঁলোকৰ কোম্পানীয়ে বনোৱা নিৰ্দিষ্ট ব্ৰেণ্ড নামৰ ঔষধ লিখিব কয়। কেমিকেল নাম লিখি দিলে বেমাৰীয়ে যাৰ যি মন যায় কোম্পানীৰ পৰা ঔষধ কিনি লব পাৰে সেইবাবে এই Representative বোৰে তেওঁলোকৰ কোম্পানীৰ ব্ৰেণ্ড নাম লিখিবলৈ কৈ যায়। মানে Paracetamol 650mg লিখিব বুলি নকয়, কয় Dolo-650 লিখিব যাতে তেওঁলোকৰ কোম্পানীৰ সেই ঔষধটো লয়। Paracetamol 650mg লিখিলে আপুনি Paracip-650, P-650, Parasal-650 আদি ব্ৰেণ্ডৰ ঔষধ কিনিবও পৰে তেতিয়া তেওঁলোকৰ কোম্পানীৰ Paracetamol ঔষধতো কেনেকৈ বিক্ৰী হ'ব! ঔষধ কোম্পানীৰ পৰা লাভ কৰা কমিচনৰ কথাটো অকল মই কোৱা নাই বহুতে এই কথা জানে। মাজতে খুদ এটা ইণ্টাৰভিউত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ ইংলেণ্ডত কৰ্মৰত চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মায়ে মুকলিকৈ কৈছে। ইউটিউবত বিচাৰিলে সম্পূৰ্ণ ইণ্টাৰভিউতো পাব। চালে ঔষধ ব্যৱসায়ৰ বহু কথা বুজি পাব। সেইবাবে কথাটোত বেয়া পাব লগা একো নাই। এইটো সত্য কথা। এতিয়া আহোঁ জেনেৰিক ঔষধ আৰু ব্ৰেণ্ড ঔষধলৈ। প্ৰায় দেখা যায় ব্ৰেণ্ড ঔষধবোৰৰ সদায় দাম বেছি হয় আৰু জেনেৰিক ঔষধবোৰৰ দাম বহুত কম। বহুতে সেইবাবে ভাবে জেনেৰিক ঔষধবোৰ ইমান ভাল নহয়, ইমান কাম নিদিয়ে। আচলতে তেনেকৈ ভবা স্বাভাৱিক। একেটা ঔষধ এটা কোম্পানীৰ ২২০ টকা, এটা ১৩৫ টকা। ই কেনেকৈ সম্ভৱ। কিবা এটা খেলিমেলি আছে চাগৈ! মইও ভাবিছিলো কিন্তু মই কেইবা মাহ জেনেৰিক ঔষধ কিনি ব্যৱহাৰ কৰি এই সন্দেহ দূৰ হৈছে। জেনেৰিক ঔষধ ব্যৱহাৰ কৰা পাছত তেজ পৰীক্ষা কৰাৰ পাছৰ ৰিপৰ্টবোৰ চাই দেখিছোঁ ব্ৰেণ্ড ঔষধৰ দৰে একেই কাম কৰে। একো পাৰ্থক্য নাই। তেন্তে দুয়োটা ঔষধৰ পাৰ্থক্য কি! ব্ৰেণ্ড ঔষধৰ দাম বেছি হোৱাৰ কেইবাটাও কাৰণ আছে। প্ৰথম কথা ব্ৰেণ্ড ঔষধ নাম সেইটো কোম্পানীয়ে পাই যিয়ে ঔষধতো গৱেষণা কৰি আবিষ্কাৰ কৰিছিল। অৰ্থাৎ যাৰ ওচৰত ঔষধতোৰ Original Patent আছে। সেই কোম্পানীটোৱে ঔষধতো আবিষ্কাৰ কৰোতে যিবোৰ গৱেষণা, পৰীক্ষা আদি কৰিছিল, গৱেষণা কৰা বিজ্ঞানী-চিকিৎসকক যিবোৰ মাননী দিছিল তাৰ বাবে যিমান টকা খৰচ হ'ল ঔষধটোৱে অনুমোদন পোৱা পাছত সেইবোৰ তাতে যোগ কৰি দিয়ে যাতে খৰছবোৰ ওলাই। দ্বিতীয়তে দাম বেছি হোৱাৰ কাৰণ সেই যে Representative বোৰে যে ডক্টৰৰ ক্লিনিকে ক্লিনিকে ঘূৰি ফুৰে তেওঁলোকৰ দৰমহা, ডক্টৰক দিব লগা কমিচন যাক মাৰ্কেটিং বুলি কয়, লগতে বিজ্ঞাপনত হোৱা খৰছ সকলো অৱশেষত ঔষধৰ দামত যোগ কৰা হয় সেইবাবে ব্ৰেণ্ড ঔষধৰ দাম বহুত বেছি হয়। কিন্তু জেনেৰিক ঔষধত এইবোৰ খৰছ নাই কাৰণ জেনেৰিক ঔষধ বনোৱা কোম্পানীয়ে নিজে গৱেষণা কৰি ঔষধ আবিষ্কাৰ নকৰে। ব্ৰেণ্ড কোম্পানীৰ Patent Expire হোৱাৰ পাছত ঔষধটো কেনেকৈ বনাই এই কোম্পানীবোৰে শিকি বা কিনি লয় আৰু সেইমতে বনাই। দ্বিতীয়তে জেনেৰিক ঔষধ বনোৱা কোম্পানীয়ে মাৰ্কেটিং, বিজ্ঞাপনত টকা খৰচ নকৰে। সেইবাবে সেই অতিৰিক্ত খৰছবোৰ তেওঁলোকে নকৰে বাবে তেওঁলোকে বনোৱা ঔষধৰ দাম বহু কমি যায়। ব্ৰেণ্ড ঔষধ আৰু জেনেৰিক ঔষধত একেই কেমিকেল, একেই Composition থাকে। কামো একেই কৰে, প্ৰভাৱো একেই। মাত্ৰ দামৰ পাৰ্থক্য, কিয় ইতিমধ্যে মই লিখিছোঁ। এতিয়া কথা হ'ল আমি কি ঔষধ কিনিম! এজন গ্ৰাহক বা ৰোগী হিচাপে আমি বিচাৰো ঔষধতো খালে আমাৰ ৰোগ ঠিক বা প্ৰতিৰোধ হ'ব লাগে। লগতে আমি দৈনন্দিন ঔষধ কিনিব লগা হ'লে আমাৰ কিছু টকা ৰাহি হ'ব লাগে। কোনোবা কোম্পানীয়ে গৱেষণা, মাৰ্কেটিং, বিজ্ঞাপনত টকা খৰচ কৰি এতিয়া সেইবোৰ খৰছ তেওঁলোকৰ ঔষধত যোগ কৰি ঔষধৰ দাম বঢ়াই বিক্ৰী কৰিছে সেইটো তেওঁলোকৰ চিন্তা। আমাৰ দৰে মধ্যবিত্ত, দৰিদ্ৰ মানুহৰ চিন্তা ইমান মূল্যবৃদ্ধি দিনত দুটকা ক'ৰবাত ৰাহি হওঁক। যিসকল সক্ষম তেওঁলোকে সেইবোৰ অতিৰিক্ত খৰছ বহন কৰি ঔষধ কিনক তাত আপত্তি নাই। কিন্তু একেই ঔষধ কম খৰছত যদি পাওঁ, আমি বেছি দামত কিয়নো কিনো! মই নিজেই Truemeds এপটোত অনলাইনত ঔষধ কিনাৰ বাবে ব্ৰেণ্ড ঔষধবোৰত কমেও ২০% আৰু জেনেৰিক বোৰত (Substitute ঔষধ বুলিও কয়) ৫০-৭০% ৰেহাইত পাওঁ। বহু ঔষধৰ জেনেৰিক ঔষধ নাই বাবে ব্ৰেণ্ড ঔষধে কিনিব লগা হয়। লগতে ৪-৫ দিনত ঘৰত আহি ঔষধ দি যায়। ফাৰ্মাচীতকৈ কম দামত ঘৰত দি যোৱা ঔষধ নিকিনি বেছি দামত কিনা কোনো যুক্তি নাই। লগত মই কিনা ঔষধৰ দুখন বিলখন সংযোগ কৰি দিছোঁ, চালেই বুজিব মোৰ কিমান টকা ৰাহি হৈছে। সকলোৱে এনে সুবিধা আৰু কথাবোৰ জানক বুলিয়েই লেখাটো লিখিলোঁ। (শ্বেয়াৰ কৰিব পাৰে।) - লক্ষ্য জ্যোতি নাথ

OcibulOc.com
OcibulOc.com
2/4/2025, 1:01:26 AM

https://ocibuloc.com/blog/

Link copied to clipboard!