BJP Assam
January 25, 2025 at 08:31 AM
আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস
প্ৰতিবছৰে ২৫ জানুৱাৰীত সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি পালন কৰা এই দিৱসৰ মুখ্য উদ্দেশ্য হৈছে দেশৰ জনতাৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধক জীয়াই ৰখাৰ হেতু ভোটাধিকাৰক উৎসাহিত কৰা। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰি তেওঁলোকক দেশৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশীদাৰ হ'বলৈ উৎসাহিত কৰাটো এই দিৱসৰ মূল উদ্দেশ্য।
আমাৰ ভোটদানে সমাজলৈ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। আহক, আমি সকলোৱে ভোটাধিকাৰৰ গুৰুত্ব উপলব্ধি কৰি এই সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশীদাৰ হওঁ। ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰতিগৰাকী ভোটদাতালৈ অযুত শুভেচ্ছা!🙏
#nationalvotersday
🙏
❤️
👍
30