Recruitment Exam Preparation
February 7, 2025 at 04:37 AM
২০১০ৰ পৰা ২০২৫লৈঃ প্ৰতিবছৰে কিমান অবৈধ প্ৰৱাসী ভাৰতীয়ক উভতাই পঠাইছে আমেৰিকাই, পঢ়ক সবিশেষ... আমেৰিকাৰ অবৈধ প্ৰৱাসী ভাৰতীয়সকলৰ প্ৰতি প্ৰদৰ্শন কৰা অমানৱীয়তাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে ভাৰত চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰি কলে যে, এয়া কোনো নতুন ঘটনা নহয়। পূৰ্বৰে পৰাই এনে ঘটনা সংঘটিত হৈ আহিছে। ইয়াত আমেৰিকাই বৰ বিশেষ ভুল কৰা নাই বুলিও সদনত বিদেশ মন্ত্ৰী এছ জয়শংকৰে সদৰি কৰিলে। শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰতিবছৰে কিমান গৰাকী অবৈধ প্ৰৱাসী ভাৰতীয়ক আমেৰিকাৰ পৰা উভতাই পঠোৱা হৈছে, তাৰো তালিকা ৰাজহুৱা কৰিছে। ভাৰত চৰকাৰে ৰাজহুৱা কৰা তালিকা অনুসৰি- ২০১০চনত ৭৯৯গৰাকী অবৈধ প্ৰৱাসীক ভাৰতলৈ উভতাই পঠাইছিল আমেৰিকাই। ইয়াৰ পিছৰ বৰ্ষত ২০১১চনত ৫৯৭গৰাকী ভাৰতীয়, ২০১২চনত ৫৩০গৰাকী অবৈধ প্ৰৱাসী ভাৰতীয়, ২০১৩ চনত ৫১৫গৰাকী আৰু ২০১৪চনত ৫৯১গৰাকী ভাৰতীয়ক আমেৰিকাই দেশলৈ উভতাই পঠাইছিল। ২০১৫চনত ৭০৮গৰাকী, ২০১৬চনত ১৩০৩গৰাকী, ২০১৭চনত ১০২৪গৰাকী, ২০১৮চনত ১১৮০গৰাকী, ২০১৯চনত ২০৪২গৰাকী, ২০২০চনত ১৮৮৯গৰাকী, ২০২১চনত ৮০৫গৰাকী, ২০২২চনত ৮৬২গৰাকী, ২০২৪চনত ১৩৬৮গৰাকী আৰু ২০২৫ত ১০৪গৰাকী ভাৰতীয়ক এনেদৰে স্বদেশলৈ উভতাই পঠোৱা হৈছে। আমেৰিকাই সদৰি কৰা অনুসৰি, এতিয়ালৈকে আমেৰিকাত অবৈধ প্ৰৱাসী ভাৰতীয় হিচাপে ১৪.৫লাখ নাগৰিক আছে। ইফালে শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ২০১৮চনৰ পৰা ২০২৩লৈ আমেৰিকাই প্ৰায় ৫,৪৭৭গৰাকী অবৈধ প্ৰৱাসী ভাৰতীয়ক ভাৰতলৈ উভতাই পঠাইছে। ২০২৪ৰ অক্টোবৰ মাহতো এখন বিশেষ চাৰ্টাড প্লেনৰ জৰিয়তে ১০০গৰাকী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱা হৈছিল। ইয়াৰ পূৰ্বে আমেৰিকাৰ বাৰাক ওবামাৰ শাসনকালতো প্ৰায় ৩২লাখ লোকক ভাৰতলৈ ঘূৰাই পঠোৱা হৈছিল। ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালতো প্ৰায় ৬লাখ অবৈধ প্ৰৱাসী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱা হৈছিল। Pratidin

Comments