KKHSOU
February 10, 2025 at 05:24 AM
৭৭ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী
অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক সৰ্থেবাৰীত জন্ম গ্ৰহণ কৰা যতীন্দ্ৰ নাথ ডেকাই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা এম এ অন্তিম পৰীক্ষাত উত্তীৰ্ণ হৈ সাংবাদিকতা আৰু জনসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে । উল্লেখযোগ্য যে এতিয়ালৈকে মুঠ ৪টা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ডেকা বৰ্তমান বৃহত্তৰ গণেশগুৰি সাহিত্য সভাৰ সভাপতি ।
❤️
🙏
👍
😮
😂
221