Aboyob Bhuyan
Aboyob Bhuyan
May 30, 2025 at 06:15 AM
Breaking Barpeta Road গৰুৰ মাংস খুৱাম তহতক - ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যে এই মন্তব্য প্ৰধান শিক্ষয়িত্ৰীৰ। স্কুলৰ কাষতে থকা বহু পুৰণি শিৱ মন্দিৰ বন্ধ কৰাৰো অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে। প্ৰধান শিক্ষয়িত্ৰী ভাৰতী দাসৰ বিৰুদ্ধে উত্থাপন হৈছে দূৰ্নীতিৰ অভিযোগ। বৰপেটা ৰোডৰ ১৫৬৩নং দক্ষিণ কলহভাঙ্গা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ভাৰতী দাসৰ ময়মতালী বিদ্যালয়ত। ছাত্ৰ-ছাত্ৰী সকলক ব্যবহাৰ কৰিব নিদিয়ে প্ৰসাৱগাৰ , চৰকাৰে যোগান ধৰা কিতাপ সমূহ বিক্ৰী কৰে, এখনকৈ বিনামূলীয়া চৰকাৰী বহী সমূহৰ বাবদ ছাত্ৰ ছাত্ৰী সকলৰ পৰা সংগ্ৰহ কৰে ৫০ টকাকৈ, ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত চলায় অকথ্য নিৰ্যাতন,, ইমান খিনি লৈকে সকলোৱে সহ্য কৰিয়ে আছিল যদিও আজি প্ৰধান শিক্ষয়িত্ৰী ভাৰতী দাসৰ এটা মন্তব্যই অভিভাৱক সকলৰ ধৈৰ্যৰ বান ছিঙি পেলায়। দুপৰীয়া মধাহ্ন ভোজনত ছাত্ৰ ছাত্ৰী সকলক কণী দিছিল খাবলৈ কিন্তু বিশেষ কাৰণ বশত ছাত্ৰ ছাত্ৰী সকলে কণী খাবলৈ অমান্তি হোৱাত কণীৰ সলনি গো-মাংস খুৱাব বুলি মন্তব্য কৰে প্ৰধান শিক্ষয়িত্ৰী ভাৰতী দাসে। এই কথা বিয়পি বৰাত আজি বিদ্যালয়খনৰ বিৰুদ্ধে গৰজি উঠে অভিভাৱক সকল। অনতি পলমে প্ৰধান শিক্ষয়িত্ৰী ভাৰতী দাসৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় অভিভাৱক সকলে। অবশ্যে এই ক্ষেত্ৰত সকলো ধৰনৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে প্ৰধান শিক্ষয়িত্ৰী ভাৰতী দাসে।
⁉️ 👍 2

Comments