
Himanta Biswa Sarma
January 19, 2025 at 04:33 PM
ৰূপকোঁৱৰৰ অমৰ সৃষ্টি 'জ্যোতি সংগীত' প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেদৰে প্ৰবাহিত হৈ থাকিব৷ দক্ষিণ হয়বৰগাঁও কলংপাৰ প্ৰাথমিক বিদ্যালয়ত আয়োজিত শিল্পী দিৱসত চতুৰ্থ শ্ৰেণীৰ কণমানি কৃষ্ণা মেধিয়ে এটি চিৰসেউজ গীতত নৃত্য প্ৰদৰ্শন কৰি জ্যোতিপ্ৰসাদক স্মৰণ কৰাৰ দৃশ্যটি সামাজিক মাধ্যমত দেখি সঁচাকৈয়ে আপ্লুত হ'লোঁ৷ কণমানিজনীৰ ভৱিষ্যতৰ দিনবোৰ সোণসেৰীয়া হওক তাকেই কামনা কৰিলোঁ৷
আমি আমাৰ বিদ্যালয়সমূহত এনে এটি পৰিৱেশৰ সূচনা কৰিব বিচাৰিছোঁ, য'ত সকলো শিশুৰে বৌদ্ধিক, মানসিক, সাংস্কৃতিক সত্তাৰ উত্তৰণ ঘটিব পাৰে৷ আমি আমাৰ শিক্ষা ব্যৱস্থাৰ এনেধৰণৰ ৰূপান্তৰেৰে জগত ধুনীয়া কৰিবলৈ বদ্ধ পৰিকৰ৷
In Assam's Govt schools, Education, Arts & Culture go hand in hand.
Received this lovely video from Haibargaon Kolongpar Primary School where young Krishna Medhi is dancing her heart out to a Jyotiprasad classic on Silpi Diwas.
Our schools nurture these young talents to grow up and achieve their goals.
🙏
❤️
👍
🇮🇳
👏
🎉
💗
💣
😂
😮
239