Global Gyan in Assamese
Global Gyan in Assamese
February 6, 2025 at 04:02 AM
১) Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত? উ:- জৰ্ডান আৰু ইজৰাইল । ২) Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত? উ:- আটলাণ্টিক মহাসাগৰ । ৩) কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়? উ:- চুইজাৰলেণ্ড । ৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়? উ:- জাপান । ৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? উ:- ভূটান । ৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি? উ:-আফ্ৰিকা । ৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়? উ:-থাইলেণ্ড । ৮) বিশ্বত মুঠ কেইখন মহাসাগৰ আছে? উ:- ৫ খন । ৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত? উ:- ৭ খন । ১০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়? *_আগন্তুক সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সহায়ৰ বাবে বহুবিকল্পি প্ৰশ্নোত্তৰৰ পাবলৈ তলৰ 🖇️ লিংকত ক্লিক কৰক™_* https://youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg&si=DrXiq6QIPNY34uo_ উ:- ফিনলেণ্ড। ১১) কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়? উ:- পামিৰ মালভূমি । ১২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি? উ:- গ্ৰীণলেণ্ড । ১৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি? উ:-আমাজান । ১৪) অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়? উ:- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ১৫) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল? উ:- ৫১ খন । ১৬) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল? উ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰ ১৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি? উ:- এণ্ডিছ । ১৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি? উ:- হিমালয় । ১৯) কোন খন দেশক 'Battle ground of Europe' বুলি কোৱা হয়? উ:- বেলজিয়াম । ২০) Mount Etna, এটা সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত? উ:- ইটালী । • Must visit : Assam Grade III & Grade IV Exam Syllabus 2022 ২১) ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত? উ:- পেৰু । ২২) কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত? উ:- টেমছ । ২৩) পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই? উ:- ইউৰোপ । ২৪) ফ্ৰান্সৰ ৰাজধানী কি? উ:- পেৰিছ । ২৫) কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত? উ:- কানাডা । ২৬) ইমু চৰাই কোনখন দেশত পোৱা যায়? উ:- অষ্ট্ৰেলিয়া । ২৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত? উ:- এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত। ২৮) পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে? উ:- সেন (Seine) । ২৯) Yellow stone ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? উ:- আমেৰিকা যুক্তৰাষ্ট্ৰ । ৩০) জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি? উ:- মাউন্ট ফুজি । ৩১) আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উ:- ৮ মাৰ্চ । ৩২) বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়? উ:- ৫ জুন । ৩৩) শান্তিৰ নোবেল বঁটা কোন খন চহৰত প্ৰদান কৰা হয়? উ:- অ'ছল' (Oslo) । ৩৪) নোবেল বঁটা (শান্তিৰ নোবেল বঁটাৰ বাহিৰে) কোনখন চহৰত প্ৰদান কৰা হয়? উ:- ষ্টকহ'ম । *_Whatsapp channel 🖇️ link ™_* https://whatsapp.com/channel/0029VaXvZev60eBhid4CBS2 ৩৫) ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন? উ:- ৰবীন্দ্ৰনাথ ঠাকুৰ । ৩৬) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল? উ:- সাহিত্য । ৩৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল? উ:- ১৯১৩ চনত । ৩৮) কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? উ:- গীতাঞ্জলি । ৩৯) কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়? উ:- ১৯০১ চন । ৪০) কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়? উ:- আলফ্ৰেড ন'বেল । ৪১) বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উ:- নাইজেৰিয়া । ৪২) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উ:- ২২ এপ্ৰিল । ৪৩) Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ? উ:- ভাৰত মহাসাগৰ । ৪৪) নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? উ:- ইজিপ্ত । ৪৫) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? উ:- ইউৰি গাগাৰিন । ৪৬) পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি? উ:- ব্ৰাজিল । *_Official Telegram 🖇️ link™_* https://t.me/GlobalGyanInAssamese ৪৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? উ:- প্ৰশান্ত মহাসাগৰ । ৪৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি? উ:- এছিয়া । ৪৯) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি? উ:- নীল নদী । ৫০) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?  উ:- আমাজান । *_Global Gyan In Assamese ™_*
👍 ❤️ 🙏 4

Comments